(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

শেখ হাছিনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শেখ হাছিনা

লণ্ডনত শেখ হাছিনা (২০১১)
বাংলাদেশৰ ১০ম প্ৰধানমন্ত্ৰী
কাৰ্যকাল
৬ জানুৱাৰী, ২০০৯ – বৰ্তমান
ৰাষ্ট্ৰপতি ইয়াজউদ্দিন আহম্মেদ
জিল্লুৰ ৰহমান
আব্দুল হামিদ
পূৰ্বসূৰী ফখৰুদ্দীন আহমদ (তত্ত্বাবধায়ক)
কাৰ্যকাল
২৩ জুন, ১৯৯৬ – ১৫ জুলাই, ২০০১
ৰাষ্ট্ৰপতি আবদুৰ ৰহমান বিশ্বাস
ছাহাবুদ্দিন আহমেদ
পূৰ্বসূৰী মুহাম্মদ হাবিবুৰ ৰহমান]] (তত্ত্বাবধায়ক)
উত্তৰসূৰী লতিফুৰ ৰহমান (তত্ত্বাবধায়ক)
জাতীয় সংসদৰ বিৰোধীদলীয় নেতা
কাৰ্যকাল
১০ অক্টোবৰ, ২০০১ – ২৯ অক্টোবৰ, ২০০৬
পূৰ্বসূৰী খালেদা জিয়া
উত্তৰসূৰী খালেদা জিয়া
কাৰ্যকাল
২০ মাৰ্চ, ১৯৯১ – ৩০ মাৰ্চ, ১৯৯৬
পূৰ্বসূৰী এ.এছ.এম. আবদুৰ ৰব
উত্তৰসূৰী খালেদা জিয়া
সভানেত্ৰী বাংলাদেশ আৱামী লীগ
কাৰ্যকাল
১৭ মে ১৯৮১ – বৰ্তমান
পূৰ্বসূৰী আছাদুজ্জামান খান
ব্যক্তিগত তথ্য
জন্ম ২৮ ছেপ্টেম্বৰ, ১৯৪৭ (৭৬ বছৰ)
টুংগীপাৰা, পূৰ্ব বংগ, পাকিস্তান
(বৰ্তমান বাংলাদেশ)
ৰাষ্ট্ৰীয়তা বাংলাদেশী
ৰাজনৈতিক দল বাংলাদেশ আৱামী লীগ (১৯৮১–বৰ্তমান)
আন ৰাজনৈতিক
সম্পৰ্ক
বাংলাদেশ মহাজোঁট (২০০৮–বৰ্তমান )
দাম্পত্যসঙ্গী ৱাজেদ মিয়া (১৯৬৮-২০০৯, বিধবা)
সন্তান ছাজিব ৱাজেদ
ছায়মা ৱাজেদ
মাতৃ শেখ ফজিলাতুন্নেছা মুজিব
পিতৃ শেখ মুজিবুৰ ৰহমান
শিক্ষানুষ্ঠান আজিমপুৰ বালিকা উচ্চ বিদ্যালয়
ইডেন মহিলা কলেজ
ঢাকা বিশ্ববিদ্যালয়

শেখ হাছিনা ৱাজেদ (জন্ম: ২৮ ছেপ্টেম্বৰ, ১৯৪৭) বাংলাদেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী। তেওঁ বাংলাদেশৰ ১০ম জাতীয় সংসদৰ চৰকাৰদলীয় প্ৰধান আৰু বাংলাদেশ আৱামী লীগৰ সভানেত্ৰী। তেওঁ বাংলাদেশৰ মহান স্বাধীনতা সংগ্ৰামৰ প্ৰধান নেতা আৰু বাংলাদেশ চৰকাৰৰ প্ৰথম ৰাষ্ট্ৰপতিপতি জাতিৰ জনক বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ কন্যা।

প্ৰাৰম্ভিক জীৱন

শেখ হাছিনা ৱাজেদ বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ কন্যা। তেওঁৰ মাতৃৰ নাম বেগম ফজিলাতুননেছা।[1] তেওঁ টুংগীপাৰাত জন্মগ্ৰহণ কৰে আৰু বাল্যশিক্ষা তাতেই গ্ৰহণ কৰে। ১৯৫৪ চনৰ পৰা তেওঁ ঢাকাত পৰিয়ালৰ লগত মোগলটুলিৰ ৰজনীবোস লেনৰ ঘৰত বসবাস কৰিবলৈ লয়। পিছত মিন্টো ৰোডৰ চৰকাৰী বাসভৱনলৈ প্ৰস্থান কৰে। ১৯৫৬ চনত তেওঁ টিকাটুলিৰ নাৰীশিক্ষা মন্দিৰ বালিকা বিদ্যালয়ত ভৰ্তি হয় । ১৯৬১ চনৰ ১ অক্টোবৰৰ পৰা তেওঁ ধানমণ্ডিৰ ৩২ নম্বৰ ঘৰত থাকিবলৈ লয়। ১৯৭৫ চনৰ ১৫ আগষ্টৰ এক সামৰীক অভ্যুত্থানত তেওঁ আৰু তেওঁৰ ভগ্নী শেখ ৰেহানাৰ বাদে পৰিয়ালৰ সকলো সদস্যক হত্যা কৰা হয়। তেতিয়া তেওঁলোক শিক্ষা গ্ৰহণৰ উদ্দেশ্যে পশ্চিম জাৰ্মানীত আছিল। ১৯৬৫ চনত তেওঁ আজিমপুৰ বালিকা বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰে।

শেখ হাছিনা ১৯৭৩ চনত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বিশ্ববিদ্যালয়ত থকা অৱস্থাত ১৯৬৭ চনত ডঃ ৱাজেদ মিয়াত লগত তেওঁৰ বিবাহ হয়। ৱাজেদ মিয়া ৯ মে, ২০০৯ তাৰিখে মৃত্যুবৰণ কৰে।[2] তেওঁৰ সংসাৰত ছজীব ৱাজেদ জয় (পুত্ৰ) আৰু ছায়মা ৱাজেদ পুতুল (কন্যা) নামৰ দুটি সন্তান আছে।

কৰ্ম জীৱন

বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদ গ্ৰহণ কৰাৰ পূৰ্বে শেখ হাছিনা ২০ মাৰ্চ, ১৯৯১ ৰ পৰা ৩০ মাৰ্চ, ১৯৯৬ লৈ জাতীয় সংসদৰ বিৰোধীদলীয় নেত্ৰী আছিল। তাৰ পিছত ১৯৯৬ চনত তেঁও বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তেঁওৰ দপ্তৰৰ কাৰ্যকাল আছিল ২৩ জুন, ১৯৯৬ ৰ পৰা ১৫ জুলাই, ২০০১ লৈ। ইয়াৰ পিছক পুণৰবাৰ তেঁও ২০০১ চনৰ ১০ অক্টোবৰৰ পৰা ২০০৬ চনৰ ২৯ অক্টোবৰলৈ জাতীয় সংসদৰ বিৰোধীদলীয় নেত্ৰী নিৰ্বাচিত হয়।

বঁটা আৰু সন্মান

৩০ ডিচেম্বৰ, ২০১১ তাৰিখে শেখ হাছিনাক বাংলা ভাষাৰ ধাৰক আৰু বাহক হিচাপে বাংলা একাডেমীয়ে তেওঁক বাৰ্ষিক সাধাৰণ সভাত সন্মানসূচক ফেল'শ্বিপ প্ৰদান কৰে।[3] তদুপৰি ১২ জানুৱাৰী, ২০১২ তাৰিখে দক্ষিণ এছিয়াৰ শান্তি আৰু উন্নয়নত অনন্য অৱদানৰ বাবে ভাৰতৰ ত্ৰিপুৰা বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰ অফ লেটাৰছ বা ডি-লিট ডিগ্ৰী প্ৰদান কৰে। ২০১৪ চনত সমুদ্ৰসীমা জয়ৰ বাবে তেওঁ ছাউথ ছাউথ পুৰস্কাৰ লাভ কৰে। ২০১৫ চনৰ ২৮ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ ৭০তম অধিৱেশনত পৰিৱেশ বিষয়ক সৰ্বোচ্চ পুৰস্কাৰ চেম্পিয়নছ অফ দা আৰ্থ পুৰস্কাৰ লাভ কৰে ৷ তেওঁ ডিজিটেল বাংলাদেশ গঢ়াৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে আইচিটি টেকছ উন্নয়ন পুৰস্কাৰ লাভ কৰে৷

চিত্ৰমালা

তথ্য উৎস