(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

প্ৰণব মুখাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰণব মুখাৰ্জী
ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৫ জুলাই ২০১২
প্ৰধানমন্ত্ৰী মনমোহন সিং
উপ ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনচাৰী
পূৰ্বসূৰী প্ৰতিভা পাটিল
উত্তৰসূৰী ৰাম নাথ কোৱিন্দ
বিত্ত মন্ত্ৰী
কাৰ্যকাল
২৪ জানুৱাৰী ২০০৯ – ২৬ জুন ২০১২
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী মনমোহন সিং
উত্তৰসূৰী মনমোহন সিং
কাৰ্যকাল
১৫ জানুৱাৰী ১৯৮২ – ৩১ ডিচেম্বৰ ১৯৮৪
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
ৰজীৱ গান্ধী
পূৰ্বসূৰী আৰ ভেংকটাৰমন
উত্তৰসূৰী ভি পি সিং
বিদেশ পৰিক্ৰমা মন্ত্ৰী
কাৰ্যকাল
২৪ অক্টোবৰ ২০০৬ – ২৩ মে' ২০০৯
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী মনমোহন সিং
উত্তৰসূৰী এছ এম কৃষ্ণ
কাৰ্যকাল
১০ ফেব্ৰুৱাৰী ১৯৯৫ – ২৬ মে' ১৯৯৬
প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও
পূৰ্বসূৰী দীনেশ সিং
উত্তৰসূৰী অটল বিহাৰী বাজপায়ী
প্ৰতিৰক্ষা মন্ত্ৰী
কাৰ্যকাল
২২ মে' ২০০৪ – ২৬ অক্টোবৰ ২০০৬
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী জৰ্জ ফাৰ্ণাণ্ডেজ
উত্তৰসূৰী এ কে এণ্টনী
পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ
কাৰ্যকাল
২৪ জুন ১৯৯১ – ১৫ মে' ১৯৯৬
প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও
পূৰ্বসূৰী মোহন ধাৰিয়া
উত্তৰসূৰী মধু দণ্ডৱতে
ব্যক্তিগত তথ্য
জন্ম
প্ৰণব কুমাৰ মুখাৰ্জী

১১ ডিচেম্বৰ, ১৯৩৫ (৮৮ বছৰ)
বিৰভুম জিলা, বেংগল প্ৰেচিডেন্সী, ব্ৰিটিছ শাসিত ভাৰত
(এতিয়া পশ্চিম বংগ, ভাৰতত)
মৃত্যু ৩১ আগষ্ট, ২০২০ (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "{" বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬৯-১৯৮৬; ১৯৮৯-২০১২)
ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ (১৯৮৬-১৯৮৯)
আন ৰাজনৈতিক
সম্পৰ্ক
United Front (১৯৯৬-২০০৪)
United Progressive Alliance (২০০৪-বৰ্তমানলৈ)
দাম্পত্যসঙ্গী শুভ্ৰা মুখাৰ্জী (১৯৫৭-বৰ্তমানলৈ)
সন্তান শৰ্মিষ্ঠা, অভিজিৎ, ইন্দ্ৰজিৎ
শিক্ষানুষ্ঠান কলিকতা বিশ্ববিদ্যালয়
বঁটা পদ্ম বিভূষণ, ২০০৮
ভাৰত ৰত্ন, ২০১৯
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট


প্ৰণব কুমাৰ মুখাৰ্জী (ইংৰাজী: Pranab Kumar Mukherjee /prənəb kʊmɑːr mʉkhər/; ১১ ডিচেম্বৰ ১৯৩৫ — ৩১ আগষ্ট, ২০২০) ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতিক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিবাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ ৰপৰা ২০১২ লৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁ কংগ্ৰেছৰ এজন শীৰ্ষস্থানীয় সমস্যা সমাধানকাৰী নেতা (troubleshooter) আছিল।

ৰাজনৈতিক জীৱন

১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৮২-৮৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব পায়। ১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল।

ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত মুখাৰ্জীক পাৰ্শ্ববৰ্তী কৰি ৰখা হয়। অসন্তুষ্ট মুখাৰ্জীয়ে কংগ্ৰেছ পৰিত্যাগ কৰি "ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ" বুলি নিজৰ দল খোলে। পাচত ১৯৮৯ চনত ইয়াক আকৌ কংগ্ৰেছৰ লগত সমন্বিত কৰা হয়। ১৯৯১ চনত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ দিনত তেওঁক পৰিকল্পনা আয়োগৰ অধ্যক্ষ আৰু ১৯৯৫ চনত বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হয়। পৰবৰ্তী কালত ১৯৯৮ চনত ছোনিয়া গান্ধীক কংগ্ৰেছ দলৰ অধ্যক্ষৰ পদানসীন কৰাত এজন বৰিষ্ঠ নেতা হিচাবে প্ৰণব মুখাৰ্জীয়ে প্ৰভূত ভূমিকা গ্ৰহণ কৰে।

২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (UPA) ক্ষমতালৈ অহাৰ সময়ত প্ৰণব মুখাৰ্জী প্ৰথমবাৰৰ বাবে ভাৰতীয় সংসদৰ জনপ্ৰিয়তাৰে নিৰ্বাচিত হোৱা নিম্ন সদন লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়। তেতিয়াৰ পৰা ২০১২ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চৰকাৰৰ পৰা ইস্তফা দিয়া সময়লৈকে মুখাৰ্জী প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মন্ত্ৰীসভাত দ্বিতীয় বৰিষ্ঠ নেতা আছিল। এই সময়ছোৱাত লোকসভাৰ নেতা আৰু বিভিন্ন মন্ত্ৰীৰ গোটৰ অধ্যক্ষতা কৰাৰ উপৰিও তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী (২০০৪-২০০৬), বিদেশ মন্ত্ৰী (২০০৬-০৯) আৰু বিত্তমন্ত্ৰী (২০০৯-১২) পদত আসীন আছিল।

সন্মান

জুলাই, ২০১২ চনত পূৰ্ণ এ চাংমাক প্ৰায় ৭০% ইলেক্টৰেল কলেজৰ ভোটেৰে পৰাস্ত কৰি প্ৰণব মুখাৰ্জী ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০০৮ চনত পদ্মবিভূষণ আৰু ২০১৯ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

মৃত্যু

২০২০ চনৰ ৩১ আগষ্ট তাৰিখে ৮৪ বছৰ বয়সত প্ৰণৱ মুখাৰ্জীৰ মৃত্যু হয়। [1]

তথ্য উৎস