(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

প্ৰণব মুখাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
18:17, 6 May 2014-ত Gitartha.bordoloi (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (শ্ৰেণী:ভাৰতৰ ৰাষ্ট্ৰপতি যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে)
প্ৰণব মুখাৰ্জী
13th President of India
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
25 July 2012
প্ৰধানমন্ত্ৰী Manmohan Singh
উপ ৰাষ্ট্ৰপতি Mohammad Hamid Ansari
পূৰ্বসূৰী Pratibha Patil
Minister of Finance
কাৰ্যকাল
24 January 2009 – 26 June 2012
প্ৰধানমন্ত্ৰী Manmohan Singh
পূৰ্বসূৰী Manmohan Singh
উত্তৰসূৰী Manmohan Singh
কাৰ্যকাল
15 January 1982 – 31 December 1984
প্ৰধানমন্ত্ৰী Indira Gandhi
Rajiv Gandhi
পূৰ্বসূৰী R. Venkataraman
উত্তৰসূৰী V. P. Singh
Minister of External Affairs
কাৰ্যকাল
24 October 2006 – 23 May 2009
প্ৰধানমন্ত্ৰী Manmohan Singh
পূৰ্বসূৰী Manmohan Singh
উত্তৰসূৰী S. M. Krishna
কাৰ্যকাল
10 February 1995 – 16 May 1996
প্ৰধানমন্ত্ৰী P. V. Narasimha Rao
পূৰ্বসূৰী Dinesh Singh
উত্তৰসূৰী Atal Bihari Vajpayee
Minister of Defence
কাৰ্যকাল
22 May 2004 – 26 October 2006
প্ৰধানমন্ত্ৰী Manmohan Singh
পূৰ্বসূৰী George Fernandes
উত্তৰসূৰী A. K. Antony
Deputy Chairman of the Planning Commission
কাৰ্যকাল
24 June 1991 – 15 May 1996
প্ৰধানমন্ত্ৰী P. V. Narasimha Rao
পূৰ্বসূৰী Mohan Dharia
উত্তৰসূৰী Madhu Dandavate
ব্যক্তিগত তথ্য
জন্ম
প্ৰণব কুমাৰ মুখাৰ্জী

১১ ডিচেম্বৰ, ১৯৩৫ (৮৮ বছৰ)
Mirati, Bengal Presidency, British India
(now in West Bengal, India)
ৰাজনৈতিক দল Indian National Congress (1969–1986; 1989–2012)
Rashtriya Samajwadi Congress (1986–1989)
আন ৰাজনৈতিক
সম্পৰ্ক
United Front (1996–2004)
United Progressive Alliance (2004–present)
দাম্পত্যসঙ্গী Suvra Mukherjee (1957–present)
সন্তান Sharmistha, Abhijit, Indrajit
শিক্ষানুষ্ঠান University of Calcutta
Awards Padma Vibhushan (2008)
ৱেবছাইট Official Website

প্ৰণব কুমাৰ মুখাৰ্জী ({ইংৰাজী: Pranab Kumar Mukherjee /prənəb kʊmɑːr mʉkhər/; জন্ম ১১ ডিচেম্বৰ ১৯৩৫) জুলাই ২০১‌২ চনৰপৰা ভাৰতৰ ১৩শ আৰু বৰ্তমান (মে', ২০১৪) ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতীক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিবাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ ৰপৰা ২০১২ লৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁ কংগ্ৰেছৰ এজন শীৰ্ষস্থানীয় সমস্যা সমাধানকাৰী নেতা (troubleshooter) আছিল।

১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছদলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতীক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত ভাৰতৰ জৰুৰিকালীন অৱস্থাৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৮২-৮৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব পায়। ১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল।

ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত মুখাৰ্জীক পাৰ্শ্ববৰ্তী কৰি ৰখা হয়। অসন্তুষ্ট মুখাৰ্জীয়ে কংগ্ৰেছ পৰিত্যাগ কৰি "ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ" বুলি নিজৰ দল খোলে। পাচত ১৯৮৯ চনত ইয়াক আকৌ কংগ্ৰেছৰ লগত সমন্বিত কৰা হয়। ১৯৯১ চনত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ দিনত তেওঁক পৰিকল্পনা আয়োগৰ অধ্যক্ষ আৰু ১৯৯৫ চনত বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হয়। পৰবৰ্তী কালত ১৯৯৮ চনত চোনীয়া গান্ধীক কংগ্ৰেছ দলৰ অধ্যক্ষৰ পদানসীন কৰাত এজন বৰিষ্ঠ নেতা হিচাবে প্ৰণব মুখাৰ্জীয়ে প্ৰভূত ভুমিকা গ্ৰহণ কৰে।

২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (UPA) ক্ষমতালৈ অহাৰ সময়ত প্ৰণব মুখাৰ্জী প্ৰথমবাৰৰ বাবে ভাৰতীয় সংসদৰ জনপ্ৰীয়ভাবে নিৰ্বাচিত হোৱা নিম্ন সদন লোকসভাৰ সমষ্টীৰ পৰা নিৰ্বাচিত হয়। তেতিয়াৰ পৰা ২০১২ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দীতা কৰিবলৈ চৰকাৰৰ পৰা ইস্তফা দিয়া সময়লৈকে মুখাৰ্জী প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মন্ত্ৰীসভাত দ্বিতীয় বৰিষ্ঠ নেতা আছিল। এই সময়ছোৱাত লোকসভাৰ নেতা আৰু বিভিন্ন মন্ত্ৰীৰ গোটৰ অধ্যক্ষতা কৰাৰ উপৰিও তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী (২০০৪-২০০৬), বিদেশ মন্ত্ৰী (২০০৬-০৯) আৰু বিত্তমন্ত্ৰী (২০০৯-১২) পদত আসীন আছিল।

জুলাই, ২০১২ চনত পূৰ্ণ এ চাংমাক প্ৰায় ৭০% ইলেক্টৰেল কলেজৰ ভোটেৰে পৰাস্ত কৰি প্ৰণব মুখাৰ্জী ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।