(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

কফি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
14:18, 1 June 2021-ত Chiring chandan (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)


কফি
A cup of coffee.
১ কাপ ক'লা (ব্লেক্) কফি
প্ৰকাৰ ঠাণ্ডা অথবা গৰম পানীয়
উৎপত্তিৰ দেশ ইথিওপিয়া
প্ৰচলন হয় প্ৰায় ১৫ শতাব্দিত (পানীয়)
ৰং গাঢ় বাদামী, হালধীয়া বাদামী, ক'লা

কফি (ইংৰাজী: Coffee) বিশ্বব্যাপী খুব জনপ্ৰিয় পানীয়। পানীৰ লগত ভিজাই তৈয়াৰ কৰা "কফি বীজ" নামে পৰিচিত এক প্ৰকাৰ বীজ পুৰিলৈ গুড়ি কৰি কফি তৈয়াৰ কৰা হয়। এই বীজ কফি চেৰি নামৰ এক ধৰণৰ ফলৰ বীজ। প্ৰায় ৭০খন দেশত এই ফলৰ গছ হয়। সেউজীয়া কফি বিশ্বৰ সকলোতকৈ বেছি বিক্ৰীত কৃষিপণ্যৰ মাজত এটা। কফিত ক্যাফেইন নামৰ এক প্ৰকাৰৰ উত্তেজক পদাৰ্থ আছে। ৮ আউন্স কফিত প্ৰায় ১৩৫ মিলিগ্ৰাম ক্যাফেইন থাকে। কফিৰ উপাদান ক্যাফেইনৰ কাৰণে কফিয়ে মানুহৰ ওপৰ উত্তেজক প্ৰভাব পেলায় আৰু ই উদ্দীপক হিচাপে কাম কৰে। এতিয়া চাহৰ পাছতে কফি বিশ্বৰ অত্যধিক জনপ্ৰিয় পানীয়।