স্বাস্থ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।

স্বাস্থ্য (ইংৰাজী: Health) হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা।[1] বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই তেওঁলোকৰ ১৯৪৮ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংজ্ঞা হৈছে: "স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাৰ বিহীন নহয়, ই হৈছে পূৰ্ণাংগ শাৰীৰিক, মানসিক আৰু সামাজিক সক্ষমতা"। [টোকা- ১][2] কাৰ্যকৰী মূল্য নথকা আৰু "পূৰ্ণাংগ" শব্দটোৱে সৃষ্টি কৰা সমস্যাৰ বাবে এই সংজ্ঞাটো বিতৰ্কৰ উৰ্ধত নহয়।[3][4]

স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে স্বাস্থ্যজনিত সমস্যাৰ প্ৰতিকাৰ আৰু সুস্বাস্থ্যৰ বাবে বিজ্ঞানসন্মত ক্ৰিয়াকলাপ উপলব্ধ কৰোৱাই। পশুচিকিৎসা বিজ্ঞান অন্য প্ৰাণীসমূহৰ স্বাস্থ্য ৰক্ষাৰ সৈতে জড়িত। ব্যক্তিৰ পাৰিপাৰ্শিক, স্বাস্থ্যত প্ৰভাৱ পেলোৱা অন্য কিছুমান কাৰক, যেনে- তেওঁলোকৰ পৃষ্ঠভূমি, জীৱন শৈলী, আৰু আৰ্থিক তথা সামাজিক অৱস্থা, আৰু আধ্যাত্মিকতা আদিয়ে স্বাস্থ্য নিৰ্ধাৰণ কৰে। অধ্যয়নৰ পৰা জনা গৈছে যে অতি মাত্ৰা দূঃচিন্তাই মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়।[5]

তথ্য সংগ্ৰহ

উৎস প্ৰসংগ

  1. Huber M, Knottnerus JA, Green, L., van der Horst H, Jadad AR, Kromhout D, Smid H. BMJ 2011; 343 (d4163) http://savenhshomeopathy.org/wp-content/uploads/2012/09/Huber-Definition-Health-BMJ-21.pdf
  2. World Health Organization. 2006. Constitution of the World Health OrganizationBasic Documents, Forty-fifth edition, Supplement, October 2006.
  3. Callahan D. (1973). "The WHO definition of 'health'". The Hastings Center Studies খণ্ড 1 (3): 77–87. doi:10.2307/3527467. 
  4. Taylor S, Marandi A (2008). "How should health be defined?". BMJ খণ্ড 337: a290. doi:10.1136/bmj.a290. PMID 18614520. 
  5. "BBC News – How stressed are you?". Bbc.co.uk. 2013-11-06. http://www.bbc.co.uk/news/health-24756311। আহৰণ কৰা হৈছে: 2014-03-01. 

টোকা

১. WHO definition of Health- "a state of complete physical, mental, and social well-being and not merely the absence of disease or infirmity".


বহিঃসংযোগ